বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী "কটনিয়ান"

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আলোচনী ‘কটনিয়ান’খনে ইতিমধ্যে ২০২২ চনত এশ বছৰ পূৰ্ণ কৰি ইতিহাস ৰচনা কৰিছে৷ ১৯২২ চনত পোন প্ৰথমবাৰৰ বাবে ইংৰাজী বিভাগৰ অধ্যাপক আৰ.চি. গ’ফিনৰ সম্পাদনাত ‘দ্য কটন কলেজ মেগাজিন’ প্ৰকাশ পায়৷ সেই আলোচনীখনেই ১৯৩৩ চনত প্ৰথম ছাত্ৰ সম্পাদক সুৰেশ চন্দ্ৰ ৰাজখোৱা আৰু ৰায়হান শ্বাহৰ সম্পাদনাত ‘কটনিয়ান’ নামেৰে প্ৰকাশ পায়৷ তেতিয়াৰ পৰাই প্ৰতিটো শিক্ষাবৰ্ষতে ‘কটনিয়ান’ নিয়মীয়াকৈ প্ৰকাশ হৈ আছে৷ কিন্তু ১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধৰ বাবে আৰু ১৯৮০ চনত অসম আন্দোলনৰ বাবে আলোচনীখনৰ দুটা সংখ্যা প্ৰকাশ হোৱা নাছিল৷ আলোচনীখন নেশ্যনেল ছাইন্স লাইব্ৰেৰী আৰু ISSN, নতুন দিল্লীৰ দ্বাৰা পঞ্জীয়নভুক্ত আৰু ISSN (ISSN 2394-1367) প্ৰাপ্ত৷ ৰাজ্যৰ আগশাৰীৰ আলোচনীসমূহৰ সৈতে ‘কটনিয়ান’খনেও মূলসুঁতিৰ সাহিত্য আৰু সমাজলৈ যি অৱদান আগবঢ়াইছে, সেয়া এক বিৰল দৃষ্টান্ত৷ আলোচনীখনে বহুতো প্ৰতিশ্ৰুতিসম্পন্ন লেখকৰ সৃজনশীলতা বিকাশৰ প্ৰথম কঠিয়াতলী হোৱাৰ গৌৰৱ অৰ্জন কৰিছে, যিসকলে পৰৱৰ্তী সময়ত অসমীয়া সাহিত্যত বলিষ্ঠ স্বাক্ষৰ ৰাখি জাতীয় জীৱন সমৃদ্ধ কৰি থৈ গৈছে৷ সেই সাহিত্যিকসকল– সূৰ্য্য কুমাৰ ভূঞা, বাণীকান্ত কাকতি, যতীন্দ্ৰ নাথ দুৱৰা, কৃষ্ণকান্ত সন্দিকৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী, ভবেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, হোমেন বৰগোহাঞি, হীৰেন গোহাঁই, নীলমণি ফুকন ইত্যাদি উল্লেখযোগ্য৷

 

THE COTTONIAN LECTURE SERIES - 2023

 

 

"কটনিয়ান" ৰ এটা আৰ্কাইভ