প্ৰতিষ্ঠানৰ ইতিহাস

কটন বিশ্ববিদ্যালয় অসমৰ উচ্চশিক্ষাৰ এখন আগশাৰীৰ প্ৰতিষ্ঠান৷ পূৰ্বতে কটন কলেজ নামেৰে জনাজাত এই প্ৰতিষ্ঠানখন ১৯০১ চনত বৃটিছ শাসিত অসমৰ তদানীন্তন মুখ্য আয়ুক্ত ছাৰ হেনৰী ষ্টেডমেন কটনে প্ৰতিষ্ঠা কৰে৷ ১৯৪৮ চনত এই কলেজখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন প্ৰতিষ্ঠান হৈ পৰে৷ কটন কলেজ স্বাধীনতা আন্দোলনৰ লগতে ৰাজ্যখনৰ সাহিত্য আৰু সংস্কৃতি চৰ্চাৰ কেন্দ্ৰবিন্দু আছিল, যিয়ে ভাৰতৰ এক অবিচ্ছেদ্য অংগৰূপে অসমৰ মৰ্যাদা সুদৃঢ় কৰি তুলিছিল৷ ২০১১ চনত অসম চৰকাৰে প্ৰণয়ন কৰা এখন আইনৰ অধীনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত হয়৷ কটন বিশ্ববিদ্যালয় আইন, ২০১৭-ৰ বিধি অনুসৰি পূৰ্বৰ কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু কটন কলেজৰ একত্ৰীকৰণ কৰি কটন বিশ্ববিদ্যালয়ৰ জন্ম দিয়া হয়৷

ইতিহাস
ৰাইজৰ দাবী অনুসৰি দেশহিতৈষী মাণিক চন্দ্ৰ বৰুৱাই ১৮৯৯ চনত বৃটিছ চৰকাৰলৈ গুৱাহাটীত এখন কলেজ প্ৰতিষ্ঠাৰ বাবে পত্ৰ লিখে৷ সেই সময়ত ভাৰতৰ ভিতৰত অসমেই একমাত্ৰ প্ৰদেশ আছিল য’ত কোনো কলেজ নাছিল আৰু গুৱাহাটী সকলো পিনৰ পৰা কলেজ প্ৰতিষ্ঠাৰ বাবে উপযুক্ত ঠাই আছিল৷ উক্ত পত্ৰৰ প্ৰতি সঁহাৰি জনাই সেই সময়ৰ অসমৰ মুখ্য আয়ুক্ত ছাৰ হেনৰী ষ্টেডমেন কটনে ১৮৯৯ চনৰ ৩ নৱেম্বৰত গুৱাহাটীত এখন কলেজ প্ৰতিষ্ঠা কৰা হ’ব বুলি ঘোষণা কৰে৷ ৰাইজে সৰ্বসন্মতিক্ৰমে কলেজখনৰ নাম কটন কলেজ ৰখা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে আৰু ১৯০১ চনৰ ২৭ মে’ত কটন চাহাবে কলেজখন উদ্বোধন কৰে৷ সেই সময়ত কটন কলেজ আছিল কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ৷
পোনতে পাঁচজন অধ্যাপক আৰু ৩৯ জন ছাত্ৰৰে কলেজৰ পাঠদান কাৰ্যৰ আৰম্ভণি হয়৷ অধ্যাপক ছুডমাৰ্ছন আছিল কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ৷ সময়ৰ লগে লগে কটন কলেজ ৰাজ্যখনৰ স্বাধীনতা আন্দোলন আৰু সাহিত্য-সংস্কৃতি চৰ্চাৰ বিকিৰণ কেন্দ্ৰ হৈ পৰে৷ ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ কলিকতা বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীন হয়৷

১৯৯২ চনৰ ১৬ অক্টোবৰত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ড॰ শংকৰ দয়াল শৰ্মাৰ উপস্থিতিত এক বিশেষ অনুষ্ঠানত কটন কলেজক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে ঘোষণা কৰা হয়৷ কলেজখনক আনুষ্ঠানিকভাৱে স্নাতকোত্তৰ কলেজ হিচাপে স্বীকৃতিও প্ৰদান কৰা হয়৷

২৭ মে’, ২০০১ চনৰ পৰা ২৬ মে’, ২০০২ চনলৈ কটন কলেজৰ শতবাৰ্ষিকী অনুষ্ঠান বছৰজোৰা কাৰ্যসূচীৰে যথাৰ্থ গাম্ভীৰ্য আৰু জাকজমকতাপূৰ্ণভাৱে উদ্‌যাপিত হয়৷ সেই সময়ৰ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কৃষণ কান্ত সামৰণি অনুষ্ঠানত উপস্থিত থাকে৷ শতবাৰ্ষিকী অনুষ্ঠানৰ অংশ হিচাপে ভাৰতীয় ডাক বিভাগে ২৫ মে’, ২০০২-ত ৪ টকাৰ ডাক টিকটৰ প্ৰচলন কৰে৷

২০১১ চনত অসম চৰকাৰৰ এক বিধি অনুসৰি (Act XIX of ২০১১) কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় গঠন কৰা হয়৷ অসমৰ ৰাজ্যপালে ৩ ছেপ্টেম্বৰ, ২০১১-ত এই বিষয়ত আনুষ্ঠানিকভাৱে সন্মতি প্ৰদান কৰে৷ ২০১৭ চনৰ ২ মাৰ্চ তাৰিখে কটন বিশ্ববিদ্যালয় আইন, ২০১৭ অসম বিধান সভাত গৃহীত হয়৷ এই আইনৰ দ্বাৰা কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু কটন কলেজ দুয়োটি অনুষ্ঠান সম্পূৰ্ণভাৱে একত্ৰিত হৈ কটন বিশ্ববিদ্যালয় নাম লয়৷ নতুন অধ্যাদেশ অনুসৰি অসমৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত বিশ্ববিদ্যালয়ৰ আচাৰ্য হয়৷ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীক ২০১৭ চনৰ জুলাই মাহত  আচাৰ্যই নিযুক্ত কৰে৷